মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ত এই মাহৰ অতিথি অনুষ্ঠানত শ্ৰীযুত টিকেন্দ্রজিৎ গগৈ।
—————————————-
মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ত প্ৰতি মাহে নিয়মিতভাৱে অনুষ্ঠিত’এই মাহৰ অতিথি ‘ শীৰ্ষক ৩১ মে’,২০২৫ তাৰিখে অনুষ্ঠিত কাৰ্যসূচীত অতিথিৰূপে অংশ গ্ৰহণ কৰে বিশিষ্ট পৰিৱেশকৰ্মী, প্ৰাণীতত্ত্ববিদ্ , লেখক তথা ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক শ্ৰীযুত টিকেন্দ্ৰজিৎ গগৈয়ে। অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অনুপ জ্যোতি ভৰালীয়ে আদৰণি ভাষণ প্ৰদান কৰে। নিজৰ ভাষণত তেওঁ কয় যে,’এই মাহৰ অতিথি’ অনুষ্ঠানৰ যোগেদি ছাত্ৰীসকল উপকৃত হোৱাকৈ প্ৰতি মাহত একোগৰাকীকৈ বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰি পৰিচয় আৰু বাৰ্তালাপ কৰাৰ সুবিধা সৃষ্টি কৰিব খোজা হৈছে যাতে ছাত্ৰীসকলে তেনে লোকৰ পৰা প্ৰত্যক্ষভাৱে জ্ঞান ,মাৰ্গ দৰ্শন আৰু প্ৰেৰণা লাভ কৰে আৰু ইতঃপূৰ্বে অনুষ্ঠিত অনুষ্ঠানসমূহত অসমত পথৰ পুথিভঁৰালৰ অন্যতম সূচনা কৰোঁতা বিশিষ্ট সমাজকৰ্মী অনিন্দিতা গগৈ, বোলছবি অভিনেত্ৰী তথা গায়িকা বিদ্যা ভাৰতী, অসম বিধান সভাৰ পূৰ্বৰ সদস্য তথা অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, আকাশবাণী ডিব্ৰুগড় আৰু ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ অনুষ্ঠান বিষয়া লোহিত ডেকা আদিয়ে অতিথি হিচাপে অংশ গ্ৰহণ কৰিছে।তেওঁ আজিৰ এই অনুষ্ঠানটিয়েও নিজৰ লক্ষ্যপূৰণত সফল হোৱাৰ লগতে বন্য প্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰিবলৈ সমৰ্থ হ’ব বুলি আশা প্ৰকাশ কৰে। সমল ব্যক্তি টিকেন্দ্ৰজিৎ গগৈয়ে নিজৰ ভাষণত বন্য প্ৰাণীসমূহ ৰক্ষাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰি এই ক্ষেত্ৰত আমাৰ কৰ্তব্যসমূহ কেনে হোৱা উচিত তাক বিশদভাৱে ব্যাখ্যা কৰে। অধ্যয়ন, শিক্ষণ ,গৱেষণা আৰু নিজৰ অভিৰুচিৰ তাড়নাৰে এই মনোৰম ক্ষেত্ৰখনত প্ৰৱেশ কৰি লাভ কৰা জীৱনৰ অনেক বিচিত্ৰ অভিজ্ঞতাক তেওঁ প্ৰসঙ্গক্ৰমে উদাহৰণৰূপে দাঙি ধৰে। বন্য প্ৰাণীসমূহৰ ভিতৰত বিশেষভাৱে তেওঁ সাপৰ বিষয়ে বহুতো তথ্য অৱগত কৰি কয় যে সাপ সম্পৰ্কে আমাৰ মাজত থকা আৰু বহু সময়ত লোকবিশ্বাস হিচাপে প্ৰচলিত অনেক অবৈজ্ঞানিক তথা ভ্ৰান্তিকৰ কথাক সাপৰ সংখ্যা হ্ৰাস হৈ অহাৰ মূল কাৰক বুলিব পাৰি। পৰিৱেশ সন্তুলনত সাপৰ ভূমিকাৰ কথা ব্যাখ্যা কৰি তেওঁ চিত্ৰৰ সহায়ত বিষধৰ আৰু অবিষধৰ সাপ কেনেকৈ চিনাক্ত কৰিব পাৰি তাক বিস্তৃতভাৱে ফঁহিয়াই দেখুৱায়। তেওঁ সাপৰ বাবে অযথা ভীতিগ্ৰস্ত নহ’বলৈ আৰু সাপ প্ৰভৃতি সৰীসৃপসমূহক মৃত্যুৰ পথলৈ ঠেলি নিদিবলৈ সকলোকে আহ্বান জনায়। মহাবিদ্যালয়ৰ অধ্যাপক- অধ্যাপিকা, কৰ্মচাৰী, ছাত্ৰীসকলে অংশগ্ৰহণ কৰা অনুষ্ঠানটিৰ আঁত ধৰে অনুষ্ঠানৰ সমন্বয়ক, সমাজতত্ত্ব বিভাগৰ মূৰব্বী অধ্যাপক দিপাংকৰ শৰ্মাই। অনুষ্ঠানৰ শেষত টিকেন্দ্রজিৎ গগৈয়ে মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰলৈ বন্যপ্ৰাণী বিষয়ক মূল্যৱান গ্ৰন্থ আৰু প্ৰচাৰ- পত্ৰিকাও আগবঢ়ায়।


Users Today : 143
Total Users : 67003
Total views : 170525