মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ত
।
কৃতী ছাত্ৰী গৰিমা গগৈক
প্ৰয়াত দেৱ কুমাৰ সৰকাৰ বঁটা প্ৰদান
—————————————-
ডিব্ৰুগড় : ষ্টাফ ৰিপ’র্টাৰ,২৮ জুন,২০২৫ : উজনি অসমৰ নাৰী শিক্ষাৰ অগ্ৰণী অনুষ্ঠান মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ত প্ৰতি মাহে নিয়মিতভাৱে অনুষ্ঠিত’এই মাহৰ অতিথি ‘ শীৰ্ষক আজি অনুষ্ঠিত কাৰ্যসূচীত অতিথিৰূপে অংশ গ্ৰহণ কৰে বিশিষ্ট কণ্ঠশিল্পী, সংগীতজ্ঞ , অসম চৰকাৰৰ দ্বাৰা স্বীকৃত জ্যোতি সংগীতৰ প্ৰশিক্ষক, অনাতাঁৰ শিল্পী শ্ৰীযুত ভূৱন গগৈয়ে। অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অনুপ জ্যোতি ভৰালীয়ে আদৰণি ভাষণ প্ৰদান কৰে। নিজৰ ভাষণত তেওঁ কয় যে,’এই মাহৰ অতিথি’ অনুষ্ঠানৰ যোগেদি ছাত্ৰীসকল উপকৃত হোৱাকৈ প্ৰতি মাহত একোগৰাকীকৈ বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰি পৰিচয় আৰু বাৰ্তালাপ কৰাৰ সুবিধা সৃষ্টি কৰিব খোজা হৈছে যাতে ছাত্ৰীসকলে তেনে লোকৰ পৰা প্ৰত্যক্ষভাৱে জ্ঞান ,মাৰ্গ দৰ্শন আৰু প্ৰেৰণা লাভ কৰে । ইতঃপূৰ্বে অনুষ্ঠিত অনুষ্ঠানসমূহত ভালে সংখ্যক বিশিষ্ট ব্যক্তিয়ে অতিথি হিচাপে অংশ গ্ৰহণ কৰি অহাৰ কথা দোহাৰি তেওঁ কয় যে এই অনুষ্ঠানত উপস্থিত থকা সঙ্গীতকাৰ তথা কণ্ঠশিল্পী ভূৱন গগৈ ডিব্ৰুগড় তথা অসমৰ সংগীত ক্ষেত্ৰৰ এটি পৰিচিত নাম আৰু তেওঁৰ উপস্থিতিয়ে নিশ্চিতভাৱে মহাবিদ্যালয় পৰিয়ালৰ সকলোকে প্ৰেৰণা যোগাব আৰু মাৰ্গ দৰ্শন কৰাব বুলি তেওঁ আশাবাদী। সমল ব্যক্তি ভূৱন গগৈয়ে নিজৰ সাঙ্গীতিক তথা সাংস্কৃতিক যাত্ৰাৰ লগতে আঁৰত থকা প্ৰেৰণাৰ উৎসৰ বিষয়ে অৱগত কৰি বিভিন্ন গীত পৰিৱেশনৰ মাধ্যমেৰে নিজৰ বক্তব্য আকৰ্ষণীয় ৰূপত আগবঢ়ায়। বিশেষকৈ, মহাপুৰুষ দুজনাৰ পৰা আৰম্ভ কৰি, জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, পাৰ্বতী প্ৰসাদ বৰুৱা, ভূপেন হাজৰিকা আদিৰ গীতৰ বিশিষ্টতা বিশ্লেষণ কৰি তেওঁ অসমৰ থলুৱা গীত- মাতৰ মাজত থকা অমেয় সৌন্দৰ্য পৰিৱেশনৰ জড়িয়তে ব্যাখ্যা কৰে। ছাত্ৰীসকলক তেওঁ নিয়মিত পঢ়া -শুনাৰ ওপৰিও নিজৰ অভিৰুচিৰ ক্ষেত্ৰখনতো সক্ৰিয় হৈ চৰ্চা আৰু সাধনা অব্যাহত ৰাখিবলৈ আহ্বান জনায় আৰু বহুসময়ত তেনে প্ৰতিভায়ো জীৱনত প্ৰতিষ্ঠা লভাত সহায় কৰে বুলি মন্তব্য কৰে। উপস্থিত সকলোৰে সক্ৰিয় অংশ গ্ৰহণেৰে গীতে- মাতে মুখৰ অনুষ্ঠানটিত তেওঁ অসমৰ সাঙ্গীতিক সমলসমূহৰ বিশিষ্টতা অক্ষুণ্ণ আৰু অবিকৃত ৰখাৰ প্ৰয়াস কৰাৰ বাবে সকলোকে অনুৰোধ জনায়। মহাবিদ্যালয়ৰ অধ্যাপক- অধ্যাপিকা, কৰ্মচাৰী আৰু ছাত্ৰীসকলে অংশগ্ৰহণ কৰা অনুষ্ঠানটিৰ আঁত ধৰে অনুষ্ঠানৰ সমন্বয়ক, সমাজতত্ত্ব বিভাগৰ মূৰব্বী অধ্যাপক দিপাংকৰ শৰ্মাই। এই অনুষ্ঠানটিতেই মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ প্ৰাণীবিদ্যা বিভাগৰ প্ৰতিষ্ঠাকালৰ অধ্যাপিকা তথা বৰ্ত্তমান ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা হিচাপে কৰ্মৰতা শ্ৰীযুতা পলী সৰকাৰে তেখেতৰ পিতৃ প্ৰয়াত দেৱ কুমাৰ সৰকাৰৰ সোঁৱৰণত আগবঢ়োৱা শৈক্ষিক মেধা বঁটা সদ্য ঘোষিত ২০২৫ বৰ্ষৰ বিজ্ঞান শাখাৰ স্নাতক চূড়ান্ত পৰীক্ষাত কৃতিত্ব সহকাৰে উত্তীৰ্ণ হোৱা শ্ৰীমতী গৰিমা গগৈক প্ৰদান কৰা হয়। নগদ পাঁচ হাজাৰ ধনৰ ওপৰিও প্ৰশস্তি – পত্ৰ আৰু গামোচাৰে দাতা অধ্যাপিকাগৰাকীৰ উপস্থিতিত এই বঁটা ছাত্ৰীগৰাকীলৈ আগবঢ়োৱা হয়।