“লুইতৰ পাৰৰে তুমি ডেকা লʼৰা
তুমিয়েতো বুকু পাতি দিলাঁ
ভাৰতীৰ নুমলী জীক বচাবলেʼ
তুমিয়েতো মৃত্যু বৰিলাঁ।
শ্বহীদ প্ৰণামো তোমাক।”
মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভাৰ উদ্যোগত ছহিদ দিৱস পালন৷ মহাবিদ্যালয়ৰ পবিত্ৰ ছহিদ বেদীত চাকি-বন্তি প্ৰজ্বলনেৰে অসম আন্দোলনৰ ছহিদসকলক স্মৰণ কৰা হয়৷ আন্দোলনৰ প্ৰথম ছহিদ প্ৰয়াত খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু তিথিত ৮৬০ গৰাকী ছহিদক সুঁৱৰি কৰা বন্তি প্ৰজ্বলনত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অনুপজ্যোতি ভৰালী, উপাধ্যক্ষা ড° মানসী শৰ্মা উপস্থিত থাকে৷
ছহিদৰ ত্যাগ আৰু জাতীয় সত্তাক উঠি অহা প্ৰজন্মই সঠিকভাৱে অনুধাৱন কৰক… জয় আই অসম৷





Users Today : 210
Total Users : 76400
Total views : 187934