অসম চৰকাৰৰ নিৰ্দেশানুযায়ী ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানত শিক্ষক , ছাত্ৰ- ছাত্ৰীৰ উপস্থিতি আৰু অংশ গ্ৰহণ নিশ্চিত কৰি ৮ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান বিশেষ কাৰ্য্যসূচীৰে পালন কৰা হয় । এই উপলক্ষ্যে মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়তো আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ বিশেষ সহযোগত এই গৰাকী বিশিষ্ট ব্যক্তিৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপনৰ উদ্দেশ্যেৰে ‘ ভূপেন্দ্ৰ – স্মৰণ ‘ শীৰ্ষক এটি অনুষ্ঠানৰ আয়োজন কৰা হয়৷ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অনুপজ্যোতি ভৰালীয়ে অনুষ্ঠানটো উদ্বোধন কৰা পাছতেই উপাধ্যক্ষ অনিৰুদ্ধ দত্ত আৰু মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ(IQAC) সমন্বয়ক ড° অশ্বিনী মাছেৰ উপস্থিতিত সুধাকণ্ঠ গৰকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয়। অনুষ্ঠানত মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপিকা অন্বেষা শইকীয়াই সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই “ড° ভূপেন হাজৰিকাৰ গীতত শ্ৰেণীবৈষম্যৰ প্ৰতিফলন.” শীৰ্ষক বক্তৃতা অতি সাৱলীলভাৱে গীতে- কথাৰে প্ৰদান কৰে। মহাবিদ্যালয়ৰ অধ্যাপক ড° চন্দন জ্যোতি চুতীয়া, শ্ৰুতি-মালা ভৰালি, পুষ্পা গাঁওখোৱা, শিখাজ্যোতি বৰঠাকুৰ আৰু ড° ৰূপালী মজুমদাৰে ভূপেন হাজৰিকাদেৱলৈ শ্ৰদ্ধাঞ্জলি জনাই গীত- মাতে সুধাকণ্ঠগৰাকীৰ অৱদানৰ সম্পৰ্কে ভিন্নধৰনৰ অনুষ্ঠান কৰে ৷ অনুষ্ঠানটো আঁত ধৰে ড° যোগেশ দাসে আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী তথা সহযোগী অধ্যাপিকা ৰূপজ্যোতি দাসে শলাগৰ শৰাই আগবঢ়োৱাৰ পিছতেই অনুষ্ঠানটি সামৰণি পৰে৷